অসমৰ ছুটি ছবি জগতৰ বাবে পুনৰ ভাল খবৰ কঢ়িয়াই আনিছে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই

0 256

অসমৰ ছুটি ছবি জগতৰ বাবে পুনৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই কঢ়িয়াই আনিছে ভাল খবৰ । ইয়াৰ পূৰ্বে বহু ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বঁটাৰে অসমৰ ছুটি ছবি জগতক সমৃদ্ধ কৰা পাৰ্থজিৎ বৰুৱাৰ ছবি ব্ৰাছ ষ্ট্ৰ’কে লাভ কৰিছে শ্ৰেষ্ঠ চলচিত্ৰৰ বটা। ১০ ছেপ্টেম্বৰত মুম্বাইৰ ৰেচিডেন্সি হোটেলত অুনষ্ঠিত হোৱা একাদশ ইণ্ডিয়ান চিনেমা চলচ্চিত্ৰ মহোৎসৱত পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা ‘ব্ৰাছ ষ্ট্ৰ’ক’ তথ্যচিত্ৰখনে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা (জুৰি) আঁজুৰি আনিবলৈ সক্ষম হৈছে।


এই তথ্যচিত্ৰখনে ইতিমধ্যে মুম্বাইত আন্তঃৰাষ্ট্ৰীয় ছুটি চিনেমা মহোৎসৱতো শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। তথ্যচিত্ৰখন কেৰালাৰ IDSFFKৰ প্ৰতিযোগিতাৰ শাখালৈ নিৰ্বাচিত হৈছিল।

পৰিচালক পাৰ্থজিৎ বৰুৱাই উল্লেখ কৰা অনুসৰি ‘‘এই বঁটাই মোক আৰু ভাল কাম কৰিবলৈ উৎসাহিত কৰিছে। লগতে নীলপৱন বৰুৱা ছাৰে জীৱন জুৰি কৰা শিল্পী সাধনাৰ বাবে এই বঁটা তেওঁৰ নামত উচৰ্গা কৰিব বিচাৰো।”

উল্লেখযোগ্য যে, পাৰ্থজিৎ বৰুৱাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপৰত গৱেষণা কৰাৰ বাবে এডিনবড়া বিশ্ববিদ্যালয়ো পৰিভ্ৰমণ কৰিছিল।বিগত সময়ছোৱাত পাৰ্থজিৎ বৰুৱাই নগাঁৱৰ লগতে সমগ্ৰ অসমৰ ছবিজগতক গৌৰৱান্বিত কৰি আহিছে।

media school
Leave A Reply

Your email address will not be published.