আজি পুনৰ খেলপথাৰত শ্ৰী লংকাৰ সন্মূখীন হ’ব ভাৰত

0 122

সোমবাৰে কলম্বোত অনুষ্ঠিত এছিয়া কাপ ২০২৩ ছুপাৰ ৪ৰ মেচত ভাৰতে পাকিস্তানক ২২৮ ৰাণত পৰাস্ত কৰে। উল্লেখ্য যে, ৰাণৰ ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে এয়া হৈছে টীম ইণ্ডিয়াৰ সৰ্ববৃহৎ জয়। ভাৰতৰ এই এদিনীয়া ক্ৰিকেটৰ ইতিহাসত অন্যতম বুলি গণ্য কৰা হৈছে।

আজি পুনৰ খেলপথাৰত শ্ৰী লংকাৰ সন্মূখীন হ’ব ভাৰত। বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া খেলখন অনুষ্ঠিত হ’ব কলম্বোৰ প্ৰেমাদাসা ষ্টেডিয়ামত।

বিৰাট কোহলী আৰু কে এল ৰাহুলে অপৰাজিত শতক অৰ্জন কৰাৰ বিপৰীতে কুলদীপ যাদৱে পাঁচ উইকেট দখল কৰে। দেওবাৰেই আৰম্ভ হোৱা মেচখন যদিও বৰষুণৰ বাবে ৰিজাৰ্ভ ডে’লৈ স্থানান্তৰিত হৈছিল অৱশেষত ভাৰতে বেটৰ লগতে বলৰ সৈতেও উচ্চ স্তৰৰ খেল প্ৰদৰ্শন কৰি এক ঐতিহাসিক জয়লাভ কৰিবলৈ সক্ষম হয়।

সোমবাৰে ২৪.১ অভাৰত ২ উইকেটত ১৪৭ ৰাণ সংগ্ৰহ কৰি পুনৰ আৰম্ভ হোৱা মেচখনত কোহলী আৰু কে এল ৰাহুলে পাকিস্তানৰ বিৰুদ্ধে ৫০ অভাৰত ২ উইকেটত ৰাণ সংগ্ৰহ কৰে।

বিৰাট কোহলীয়ে ৯৪ বলত অপৰাজিত ১২২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কে এল ৰাহুলে অপৰাজিত ১১১ ৰাণ সংগ্ৰহ কৰি পাকিস্তানৰ বাবে ৩৫৬ ৰাণৰ এক কঠিন লক্ষ্য বান্ধি দিয়ে। ইয়াৰ বিপৰীতে ৮ জন বেটাৰেৰে খেলপথাৰত নমা পাকিস্তানে ১২৮ ৰাণতে খেল সমাপ্ত কৰে।

উল্লেখ্য যে, ৯৪ বলত ১২২ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ পিছত ৰাণ মেচিন বিৰাট কোহলীয়ে মঙলবাৰে খেলপথাৰলৈ ঘূৰি আহিবলৈ সাজু বুলি উল্লেখ কৰি লগতে কয় যে, টেষ্ট ক্ৰিকেট খেলিলে তেওঁৰ সুস্থতাত সহায়ক হ’ব।

Leave A Reply

Your email address will not be published.