এছিয়ান গ্ৰেমছলৈ যোগ্যতা অৰ্জন কৰিলে অসম সন্তান অম্লান বৰগোহাঁই

0 150

অসমৰ ক্ৰীড়াজগতলৈ পুনৰ এক ভাল খবৰ। এছিয়ান গেমছৰ ভাৰতীয় দলত নাম অন্তৰ্ভুক্ত হৈছে অসম সন্তান অম্লান বৰগোহাঁই। এই কথা সদৰি কৰে ভাৰতীয় এথলিকছ সন্থাই।

অসম সন্তান অম্লান বৰগোহাঁই এছিয়ান গেমছত ২০০ মিটাৰ দৌৰত অংশ ল’ব। শনিবাৰে হংজাও অভিমুখে ৰাওনা হয় দৌৰবিদ অম্লান বৰগোহাঁই। চীনৰ বিশ্ব ইউনিৰ্ভাৰ্ছিটি গেমছৰ জৰিয়তে হংজাও এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰিছিল অম্লান বৰগোহাঁই।

২০২২ চনত দৌৰবিদ অম্লান বৰগোহাঁয়ে কেৰালাত অনুষ্ঠিত হোৱা ২৫তম ৰাষ্ট্ৰীয় ফেডাৰেচন কাপত ২০.৫২ ছেকেণ্ডত ২০০ মিটাৰ অতিক্ৰম কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে।


media school
Leave A Reply

Your email address will not be published.