অগপ, বিজেপি ইউ পি পি এলৰ মুখপাত্ৰ আৰু প্ৰচাৰ কাৰ্য্যৰ লগত জড়িত প্ৰচাৰকৰ মাজত অনুষ্ঠিত হব ৰাজ্যিক কৰ্মশালা

0 139

আজি অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত অসম গণ পৰিষদ আৰু বিজেপিৰ মুখপাত্ৰ আৰু প্ৰচাৰ কোষৰ সদস্যসকলৰ এখনি গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত হয়। অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই পৰিচালনা কৰা এই সভাখনত ৰাজ্যিক ভিত্তিত অগপ, বিজেপি আৰু ইউ পি পি এলৰ মুখপাত্ৰ আৰু প্ৰচাৰ কাৰ্য্যৰ লগত জড়িত প্ৰচাৰক সকলৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাই অতি কম দিনৰ ভিতৰতে ইউ পি পি এলৰ মুখপাত্ৰ আৰু প্ৰচাৰ কোষৰ সদস্যসকলৰ উপস্থিতিত তৃতীয়খন বৈঠক অনুষ্ঠিত কৰাত গুৰুত্ব প্ৰদান কৰিব। প্ৰতিদিনে ভাৰচুৱেল আলোচনাত মিলিত হৈ দৈনিক কাৰ্য্যপ্ৰণালী নিৰূপন কৰাত পদক্ষেত গ্ৰহণ কৰিবলৈ ঐক্যমত পোষণ কৰে। সভাই ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশৰ গতি ত্বৰান্বিত কৰাত গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপসমূহৰ ইতিবাচক প্ৰচাৰ কৰাৰ বাবে সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমত সক্রিয পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই দুয়োটা দলৰ মাজত এই বিষয়ত সমন্বয় ৰক্ষা কৰাৰ উদ্দেশ্যে এক কৰ্মনিৰ্ধাৰণ গোট গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ সভাত ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাস, সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, মুখ্য মুখপাত্ৰ মনোজ বৰুৱা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, মিডিয়া কোষৰ আহ্বায়ক ধ্ৰুৱজ্যোতি মৰল প্ৰমুখ্যে অন্যান্য মুখপাত্ৰ সকলৰ লগতে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, ভূপেন ৰায়, উপ-সভাপতি দিলীপ পাটগিৰী, সুনীল ডেকা আৰু প্ৰচাৰ সম্পাদক ড০ তপন দাসৰ লগতে মুখপাত্ৰসকল উপস্থিত থাকে।

media school
Leave A Reply

Your email address will not be published.