সাৱধান! দেশত পুনৰ নিপাহ ভাইৰাছে ভয়ংকৰ ৰূপ লৈছে

0 169

দেশত পুনৰ দেখা দিছে নতুন আতংকই। ইতিমধ্যে এই মাৰাত্মক ভাইৰাছত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক আক্ৰান্ত হৈছে। এই ভাইৰাছবিধ কেৰালত পোৱা গৈছে।

মঙলবাৰে এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডবিয়াই। ১২ তাৰিখে কেৰালা চৰকাৰে ৰাজ্যখনত নিপাহ ভাইৰাছ ধৰা পৰাৰ কথা অৱগত কৰে। তাৰ পাছতে ৰাজ্যখনত সতৰ্কবাণী জাৰি কৰে।

সাধৰণতে এই নিপা ভাইৰাছ জীৱ- জন্তু বিশেষকৈ বাদুলি গাহৰি কুকুৰ মেকুৰৰ পৰা মানুহ শৰীৰলৈ বিয়পিব পাৰে এই নিপা ভাইৰাছ। এই ভাইৰাছবিধৰ সংক্ৰমণৰ লক্ষণসমূহ হ’ল জ্বৰ, পেশীৰ বিষ, মূৰৰ বিষ, মূৰ ঘূৰোৱা।

১৯৯৯ চনত মালাচেলিয়াৰ গাহৰি পালকসকলৰ মাজত এই নিপা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছিল। ২০০১ চনত বাংলাদেশত এইবিধ নিপা ভাইৰাছৰ পৰা এক প্ৰকাৰৰ মহামাৰীৰ উদ্ভৱ হৈছিল।

media school
Leave A Reply

Your email address will not be published.