এলিয়েন কোনো কল্প কথা নহয়, বাস্তৱিকতে বিশ্ব ব্ৰহ্মাণ্ডত আছে এলিয়েন

0 157

এলিয়েন কোনো কল্প কথা নহয়, বাস্তৱিকতে বিশ্ব ব্ৰহ্মাণ্ডত আছে এলিয়েন। বিশ্ব ব্ৰহ্মাণ্ডত এলিয়েন থকা বুলি বিজ্ঞানীসকলৰ গৱেষণা আজি পৰ্যন্ত অব্যাহত আছে । অৱশ্যে বহুতেই এলিয়েন দেখা বুলি বাৰে বাৰে দাবী কৰি আহিছে। এই দাবীৰ মাজতে এইবাৰ বিশ্বৰ এটা প্ৰান্তত প্ৰদৰ্শন কৰা হ’ল দুটাকৈ ‘এলিয়েনৰ মৃতদেহ’। প্ৰথমবাৰৰ বাবে বিশ্বৰ সমুখত ‘এলিয়েনৰ মৃতদেহ’ তুলি ধৰি এলিয়েনৰ অৱস্থিতিক পুনৰবাৰ দাবী কৰিলে মেক্সিকান বিজ্ঞানীয়ে।

মঙলবাৰে মেক্সিকান সংসদত বিজ্ঞানীসকলে প্ৰদৰ্শন কৰে দুটাকৈ ‘এলিয়েনৰ মৃতদেহ’। এই দুয়োটা ‘এলিয়েনৰ মৃতদেহ’ ১০০০ বছৰতকৈও অধিক পুৰণি বুলি দাবী কৰিছে মেক্সিকোৱে। মেক্সিকোৰ এই দাবীয়ে এতিয়া এলিয়েনৰ অৱস্থিতিৰ সন্দৰ্ভত বিশ্বত নতুন বিতৰ্ক সৃষ্টি কৰিছে। বিজ্ঞানীসকলে দাবী কৰিছে যে পেৰুৰ কুজকোৰ পৰা উদ্ধাৰ কৰা হৈছে এই দুটা ‘এলিয়েনৰ মৃতদেহ’। মেক্সিকান সংসদত আনুষ্ঠানিক কাৰ্যসূচীৰ সময়ত বিজ্ঞানীসকলে মুখে মুখে প্ৰচলিত হৈ অহা ‘এলিয়েনৰ মৃতদেহ’ বিশ্ববাসীৰ সন্মুখত দাঙি ধৰে।

media school
Leave A Reply

Your email address will not be published.