বক্স অফিচত ইটোৰ পাছত সিটো অভিলেখ ভংগ কৰিলে কিং খানৰ বহু প্ৰত্যাশিত ছবি ‘জৱানে’

0 172

শেহতীয়াকৈ মুক্তি লাভ কৰিছে বলিউডৰ কিং খানৰ বহু প্ৰত্যাশিত ছবি ‘জৱান’। এই ছবিখনে মুক্তি লাভ কৰাৰ লগে লগে ছবিগৃহত ব্লকবাষ্টাৰ বুলি প্ৰমাণিত হৈছিল।জৱান ছবিখনে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে আধিপত্য বিস্তাৰ কৰিছে ।

ইফালে ছবিখনৰ মুক্তিৰ আজি অৰ্থাৎ নৱমটো দিনত ২০ কোটিৰো অধিক টকা ব্যৱসায় কৰিবলৈ সক্ষম হয়। ছবিখনে মুক্তিৰ পাছতে বক্স অফিচত ইটোৰ পাছত সিটো অভিলেখ ভংগ কৰে। ইয়াৰ উপৰিও মুকলিৰ দিনা জৱানে ৭৫ কোটি টকা সংগ্ৰহ কৰে।

‘জৱান’ৰ কাহিনীৰ কথা ক’বলৈ গ’লেই ই সামাজিক আৰু ৰাজনৈতিক বিষয়ৰ ওপৰত নিৰ্মিত পিতৃ- পুত্ৰৰ কাহিনী। লগতে ৭ ছেপ্টম্বৰত বিশ্বজুৰি হিন্দী, তেলেগু আৰু তামিল ভাষাতো মুক্তি লাভ কৰিছে আৰু এতিয়াও ছবিখনৰ জনপ্ৰিয়তা অব্য়াহত আছে।। শ্বাহৰুখ খানৰ এই ছবিখনে যুৱক-যুৱতীৰ লগতে নৱপ্ৰজন্মকো এটা ডাঙৰ বাৰ্তা প্ৰদান কৰিছ।

media school
Leave A Reply

Your email address will not be published.