বিগত মে’ মাহৰ পৰা আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষতঃ১৭৫ জন মৃত্যু ১,১১৮ গৰাকী আহত

0 181

এতিয়াও সম্পূৰ্ণৰূপে শাম কটা নাই মণিপুৰৰ হিংসাত্মক ঘটনাৰ।বিগত মে’ মাহৰ পৰা আৰম্ভ হোৱা গোষ্ঠীগত সংঘৰ্ষত আৰক্ষীয়ে জনোৱা অনুসৰি ১৭৫ জনে প্ৰাণ হেৰুওৱাৰ উপৰিও আহত হয় ১,১১৮ গৰাকী আৰু নিৰুদ্দেশ হৈ আছে প্ৰায় ৩৩গৰাকী লোক।লগতে আৰক্ষীয়ে জনোৱা অনুসৰি এতিয়াও মৰ্গত পৰি আছে ৯৬ টা অচিনাক্ত মৃতদেহ।

ইয়াৰ উপৰিও তথ্য অনুসৰি ৰাজ্যখনৰ মুঠ ৪,৭৮৭ টা ঘৰৰত অগ্নিসংযোগ কৰা কৰা হৈছে আৰু ৩৮৬ টা ধৰ্মীয় স্থান ২৫৪ টা গীৰ্জা আৰু ১৩২ মন্দিৰ লণ্ডভণ্ড কৰা হৈছে। এখন সংবাদমেল সম্বোধন কৰি আইজিপি ( অপাৰেচন) আই কে মুইভাই প্ৰকাশ কৰে যে, মণিপুৰত স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ আৰক্ষীয়ে কেন্দ্ৰীয় বাহিনী আৰু অসামৰিক প্ৰশাসনৰ সৈতে ২৫ ঘন্টাই চেষ্টা অব্যাহত ৰাখিছে।

হিংসাৰ আৰম্ভণিৰ পৰাই ৰাজ্যৰ অস্ত্ৰাগাৰৰ পৰা ৫,৬৬৮ টা অস্ত্ৰ লুটি লোৱা হৈছে। ইয়াৰ ভিতৰত সুৰক্ষা বাহিনীয়ে ১৩২৬ টা অস্ত্ৰ উদ্ধাৰ কৰিছে। লগতে ১৫,০৫০ গোলাবাৰুদ আৰু ৪০০ টা বোমা উদ্ধাৰ কৰা হৈছে।নিৰাপত্তাবাহিনীয়ে ৩০০তকৈ অধিক অবৈধ বাংকাৰ বিনষ্ট কৰিছে।

media school
Leave A Reply

Your email address will not be published.