ভাৰতৰ লগত ব্যৱসায় কৰিবলৈ সাজু হৈছে ২২ খন দেশঃকেন্দ্ৰীয় মন্ত্ৰী

0 150

কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অতি সফলভাৱে দেশে জি-২০ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকৰ সফলতা সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মত প্ৰকাশ কৰে।

ইয়াৰ লগতে সীতাৰমনে উল্লেখ কৰে যে, জি-২০ত ভাৰতে সকলো বিষয়ত সহমত লাভ কৰিছে।সেয়েহে এতিয়া ২২ খন দেশ ভাৰতত ব্যৱসায় কৰিবলৈ সাজু হৈছে। জি-২০-এ ক্ৰিপ্টো সম্পদ, গোলকীয় ঋণ, ব্ৰেটন উডছ ইনষ্টিটিউচন – আন্তৰ্জাতিক মুদ্ৰা মঞ্চ আৰু বিশ্ব বেংকত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ দৰে বিষয়সমূহৰ ওপৰত সামূহিক আলোচনা কৰা হয়।

জি-২০ শিখৰ সন্মিলনত অংশ লোৱা সদস্য দেশসমূহে ভাৰতৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে গোলকীয় দক্ষিণৰ কণ্ঠস্বৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।এই বৈঠকত ভাৰতৰ উন্নয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো আলোচনা কৰা হয়। জি-২০ৰ বাবে বহুতো চহৰত সভা অনুষ্ঠিত কৰা হৈছিল। ইয়াৰ জৰিয়তে সকলো দেশে ভাৰতৰ বৈচিত্ৰ্য আৰু সংস্কৃতিসমূহ প্ৰত্যক্ষ কৰিব পাৰিছিল। জি-২০ সন্মিলনে বিশ্বত ভাৰতৰ এক নতুন ছবি তৈয়াৰ কৰি ডিজিটেল ক্ষেত্ৰখনত ভাৰতে এক নতুন গতি প্ৰদান কৰিছে।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত মোডী চৰকাৰে লাভ কৰা সফলতা সমূহৰ বিষয়েও উল্লেখ কৰে।

media school
Leave A Reply

Your email address will not be published.