I.N.D.I.A গঠনৰ মূল কাৰণ ভাৰতীয় সভ্যতা- সংস্কৃতিক ধ্বংস কৰাঃমুখ্যমন্ত্ৰী

0 188

বিৰোধীৰ মিত্ৰজোঁট I.N.D.I.A.ৰ বিৰুদ্ধে সৰৱ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে বিৰোধীৰ মিত্ৰৰ মূল কাৰণেই হ’ল ভাৰতৰ হিন্দুত্বক দুৰ্বল কৰা আৰু সনাতনৰ বিৰুদ্ধে কাম কৰা। এটা চৰকাৰী কাৰ্যসূচীত বিহাৰৰ নালন্দাত উপস্থিত হৈ বিৰোধীৰ মিত্ৰজোঁট I.N.D.I.A.ৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকী।

I.N.D.I.A.ৰ অন্যতম সহযোগী দল DMKৰ নেতা তথা তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়ানিধি ষ্টেলিনে ‘সনাতন’ ধৰ্মক নোহাৱা কৰি দিব লাগে বুলি কৰা বিতৰ্কিত মন্তব্যক লৈ, শাসক-বিৰোধীৰ মাজত এতিয়াও অব্যাহত আছে বাক যুদ্ধ। উদয়ানিধি ষ্টেলিনে কৈছিল সনাতন ধৰ্ম সামাধিক ন্যায়ৰ বিৰোধী, সেয়া সনাতন ধৰ্মক নিঃশেষ কৰি দিব লাগে।

উদয়ানিধি ষ্টেলিনৰ মন্তব্যৰ পাছতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ I.N.D.I.A ব্লকক অংহকাৰী বুলি আখ্যা হিয়াৰ পাছতে অসমৰ মুুখ্যমন্ত্ৰীয়ে সুৰতে সুৰ মিলাই বিহাৰৰ নালন্দা ভ্ৰমণ কৰি বিৰোধী মিত্ৰজোঁট I.N.D.I.A.ক কঠোৰ সমালোচনা কৰে। ‘‘বিৰোধীৰ মিত্ৰজোঁট গঠনৰ মূল কাৰণেই হ’ল ভাৰতৰ হিন্দুত্বক দুৰ্বল কৰা আৰু সনাতনৰ বিৰুদ্ধে কাম কৰা। এই মিত্ৰজোঁট আমাৰ সভ্যতা, সংস্কৃতি ধ্বংস কৰাৰ বাবেই হৈছে। অনাগত লোকসভা নিৰ্বাচনত সভ্যতাৰ যুঁজ হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।

media school
Leave A Reply

Your email address will not be published.