অসমত ১৬ হাজাৰতকৈ অধিক খালী হৈ আছে শিক্ষকৰ পদ

0 270

ভয়াৱহ নাটনিৰ সৈতে যুঁজি আছে অসমৰ শিক্ষাৰ্থীসকলে। কিয়নো ৰাজ্যৰ প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় উভয়তে ১৬ হাজাৰৰো অধিক শিক্ষকৰ আজি পৰ্যন্ত পদ পূৰণ হোৱা নাই। এই উদ্বেগদনক তথ্য বিধানসভাৰ অধিৱেশনৰ শেষৰটো দিনত প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

অসমৰ বিদ্যালয়সমূহৰ ১৫ ,৭৫২ গৰাকী শিক্ষকৰ পদ খালী হৈ থকাৰ সমস্য়াৰ সন্মখীন হোৱাৰ বিপৰীতে সমগ্ৰ ৰাজ্যৰ বিশ্ববিদ্যালয়- মহাবিদ্যালয় প্ৰায় ১,৩০০ শিক্ষক পদও খালী হৈ আছে।

উল্লেখ্য যে, বৰ্তমান ,বিদ্যালয়সমূহত অতিৰিক্ত ২,৮৩০টা অশিক্ষকৰ পদ পূৰণ কৰা হোৱা নাই। তদুপৰি বিশ্ববিদ্য়ালয়- মহাবিদ্যালয় উভয়ে প্ৰধানশিক্ষকৰ পদ খালী হৈ আছে ১৬৮৬ টা আৰু ৩২০ টা অধ্যক্ষৰ পদ, ৪৯৯ উপাধ্যক্ষৰ পদকে ধৰি কেইবাটাও পদ খালী হৈ আছে।

media school
Leave A Reply

Your email address will not be published.