আজি জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি

0 121

মন মেৰি ৰাম চৰণেহি লাগু। তই দেখনা অন্তক আগু॥ মন আয়ু ক্ষণে ক্ষণে টুটে। দেখো প্ৰাণ কোনদিনে ছুটে ।। মন কাল অজগৰে গিলে। জান তিলেক মৰণ মিলে…॥

আজি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৪৫৫ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে গুৰুজনাৰ ৪৫৫ সংখ্যক পূণ্যতিথি।

পুৱাৰে পৰা নাম-প্ৰসংগৰে ৰাজ্যৰ আকাশে-বতাহে মুখৰিত হৈছে হৰিনামৰ ধ্বনি। সত্ৰভূমি মাজুলী,সত্ৰনগৰী বৰপেটাৰ লগতে জন্মস্থান বৰদোৱাৰ আলিপুখুৰীতো ভকত-বৈষ্ণৱে গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে খোল, তাল, বৰগীত নাম-কীৰ্তনৰে মুখৰিত কৰিছে। উলহ- মালহেৰে উদযাপন কৰা হৈছে জগত গুৰুজনাৰ তিৰোভাৱ তিথি। ভক্তিৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰ।

media school
Leave A Reply

Your email address will not be published.