কৰ’ণা ভাইৰাছৰ সংহাৰ হ্ৰাস পোৱাৰ পিছত এইবাৰ নিপা ভাইৰাছে চিন্তাত পেলাইছে জনসাধাৰণক

0 167

কৰ’ণা ভাইৰাছৰ সংহাৰ হ্ৰাস পোৱাৰ পিছত এইবাৰ নিপা ভাইৰাছে চিন্তাত পেলাইছে জনসাধাৰণক।

কিয়নো নিপা ভাইৰাছৰ সংক্ৰমণ দক্ষিণ ভাৰতৰ কেৰালাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।

শেহতীয়াকৈ ৰাজ্যখনৰ কোঝিকোড়ত নতুনকৈ এজনৰ শৰীৰত ধৰা পৰিছে নিপাৰ সংক্ৰমণ। বৰ্তমান নিপা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে পাঁচগৰাকী লোক। এই পাঁচগৰাকী লোকৰ সংস্পৰ্শলৈ অহা ৭০৬গৰাকী লোকৰ ওপৰত নিৰীক্ষণ চলোৱা হৈছে।

উল্লেখ্য যে, ৰাজ্যখনত এই ভাইৰাছবিধৰ সংক্ৰমণৰ ফলত বৰ্তমানলৈকে দুজনৰ মৃত্যু ঘটিছে।ইতিমধ্যে সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।
উল্লেখ্য যে, ১৯৯৯ চনত প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল নিপা ভাইৰাছ। ২০০১ চনত বাংলাদেশতো নিপা ভাইৰাছৰ সংক্রমণ পোৱা গৈছিল৷ তাৰ সমান্তৰালকৈ ভাৰতত বিগত ২০ বছৰত পাঁচবাৰকৈ নিপা ভাইৰাছে সন্ত্ৰাস চলাইছে। পৰৱৰ্তী সময়ত প্ৰতিবাৰেই এই ভাইৰাছবিধৰ সংক্ৰমণ কেৱল কেৰালাতে ধৰা পৰিছে।

উল্লেখযোগ্য যে কেৰালাত ইয়াৰ পূৰ্বে ২০১৮ চনত এবাৰ আৰু ২০১৯ আৰু ২০২১ চনত পুনৰ নিপাৰ প্ৰাদুৰ্ভাৱ ঘটিছিল। ২০১৮ চনত ১৮ জন ৰোগীৰ ভিতৰত ১৭ জন ৰোগীৰ মৃত্যু হৈছিল। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে এই ভাইৰাছ অত্যন্ত মাৰাত্মক। অৰ্থাৎ সংক্ৰমণৰ পিছত ভুক্তভোগীৰ মৃত্যুৰ আশংকা বাঢ়ি যায়।

media school
Leave A Reply

Your email address will not be published.