অক্টোবৰ মাহৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

0 145

অক্টোবৰ মাহত দেশ বিদেশৰ পৰ্যটকৰ বাবে মুকলি হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। প্ৰতিজন পৰ্যটন উদ্যোগীয়ে এতিয়া প্ৰস্তুতি চলাইছে পৰ্যটন বৰ্ষক আদৰিবলৈ ৷তাৰ সমান্তৰালৈক জীপ,হাতী ছাফাৰীৰ সাজু কৰা হৈছে কাজিৰঙাৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠানসমূহে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে হস্তশিল্পৰ এক বৃহৎ পৰ্যটন উদ্যোগ। ইয়াৰ উপৰিও জীপ ছাফাৰী,হাতী ছাফাৰী,পৰ্যটন নিৱাসৰ লগতে কাজিৰঙাত গঢ় লৈ উঠিছে কুটিৰ শিল্প। যাৰ জৰিয়তে বহু নিবনুৱা যুৱকে স্বাৱলম্বিতাৰ পথ মুকলি কৰিছে৷ কাজিৰঙালৈ অহা পৰ্যটকে প্ৰতিকি হিচাপে লৈ যাৱ পৰাকৈ ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিটো জীৱকুলেই উপলব্ধ৷ ইয়াৰ পৰাই পৃথিৱীৰ বিভিন্ন দেশলৈ পৰ্যটকে লৈ যায় গঁড়, হাতী ইত্যাদি জীৱকুলসমূহৰ প্ৰতিকৃতি৷

কাজিৰঙালৈ অহা পৰ্যটকৰ উপৰি এজেঞ্চি বা অনুষ্ঠান প্ৰতিষ্ঠানে ক্ৰয় কৰা সামগ্ৰীসমূহৰ ভিতৰত অন্যতম অসম গৌৰৱ এশিঙীয়া গঁড়।

media school
Leave A Reply

Your email address will not be published.