আজি গনেশ চতুৰ্থী, সিদ্ধি বিনায়কৰ পূজা- অৰ্চনাৰে মুখৰ অসমৰ লগতে সমগ্ৰ দেশ

0 124

আজি গণেশ চতুৰ্থী।সমগ্ৰ দেশতে উলহ মালহেৰে উদযাপন কৰিছে পৱিত্ৰ গনেশ চতুৰ্থী।

ইফালে প্ৰতি বছৰৰ দৰে এইবাৰো গনেশ চতুৰ্থী, সিদ্ধি বিনায়কৰ পূজা- অৰ্চনাৰে মুখৰ সমগ্ৰ দেশৰ লগতে অসমতো ৷ আজি পুৱাৰে পৰা গণপৰিত শ্ৰীচৰণত সেৱা ল’বলৈ গণেশ মন্দিৰসমূহত দেখা গৈছে ভক্তৰ লানি নিচিগা ভিৰ। ভক্তসকলে ধূপ চাকি নৈবদ্য আগবঢ়াই সকলোৱে মঙ্গল প্ৰাৰ্থনা জনাই, অপায় অমংগল আঁতৰ কৰি মনোবাঞ্চা সিদ্ধিৰ বাবে শ্ৰীগণেশৰ আশিস বিচাৰি পূজা অৰ্চনা কৰা দেখা গৈছে ৷

গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে এটা হিন্দুসকলৰ উত্‍সৱ। এই সময়ত গণেশ দেৱতাই তেওঁৰ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উত্‍সৱ পালন কৰা হয়।

media school
Leave A Reply

Your email address will not be published.