সলনি কৰা হ’ল পুৰণি সংসদ ভৱনৰ নাম

0 130

মঙলবাৰে সলনি হ’ল দেশৰ সংসদ ভৱন। পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ আনুষ্ঠানিকভাৱে আগবঢ়াৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে পুৰণি সংসদ ভৱনৰ নাম।

পুৰণি সংসদ ভৱনটোৰ প্ৰাংগনত প্ৰদান কৰা শেষ ভাষণত তেওঁ ভৱনটোক “পুৰণি সংসদ ভৱন” (Old Parliament House)ৰ সলনি “সংবিধান সদন” নামেৰে নামাকৰণ কৰে। ভাষণ প্ৰসংগত মোডীয়ে সকলোকে ভৱনটোক “পুৰণি সংসদ ভৱন” নামৰ সলনি “সংবিধান সদন” হিচাপে মাতিবলৈ আহ্বান জনায়।

ভৱনটোৰ নামাকৰণ সন্দৰ্ভত তেওঁ মন্তব্য ৰাখি কয় যে- আমি ‘সংবিধান সদন’ বুলি নামাকৰণ কৰিলে ভৱনটোৱে সেই মহান লোকসকলৰ স্মৃতিক সোঁৱৰাই দিব, যিসকলে এসময়ত এই ভৱনত বহিয়েই সংবিধানৰ কথা আলোচনা কৰিছিল।

আনহাতে পুৰণি সংসদ ভৱনৰ ক্ষেত্ৰত কি নতুন পৰিকল্পনা কৰা হৈছে তাক লৈ বৰ্তমানেও চৰ্চা অব্যাহত আছে।

উল্লেখ্য যে, ব্ৰিটিছ আৰ্কিটেকছাৰ ছাৰ এডউইন লুটিয়েন্স আৰু হাৰ্বাৰ্ট বেকাৰে ডিজাইন কৰা আইকনিক পুৰণি ভৱনটো ১৯২৭ চনত নিৰ্মাণ সম্পূৰ্ণ হৈছিল। সেই অনুসৰি এইবৰ্ষত ভৱনটোৱে ৯৬ বছৰত ভৰি দিয়ে।

Leave A Reply

Your email address will not be published.