অসমৰ সংগীত জগতৰ এক বিৰল প্ৰতিভা, কণ্ঠশিল্পী প্রয়াত জয়ন্ত হাজৰিকাৰ আজি ৭৯ সংখ্যক ওপজা দিন

0 188

আজি গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, অসমীয়া সংগীত জগতক অনন্য মাত্ৰা প্ৰদান কৰা জয়ন্ত হাজৰিকাৰ ৭৯তম ওপজা দিন। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙ্গলদৈত জন্মগ্ৰহণ কৰিছিল জয়ন্ত হাজৰিকাই। সংগীত জগতত ৰাণা দা নামেৰে খ্যাত জয়ন্ত হাজৰিকাই ১৯৬২ চনতেই অসমীয়া সাংস্কৃতিক জগতত ভুমুকি মাৰিছিল।

ভাতৃ ড০ ভূপেন হাজৰিকাক ‘মণিৰাম দেৱান’ বোলছবিত সংগীত পৰিচালনাত সহায় কৰাৰ পাছৰে পৰা তেওঁৰ যাত্ৰা অব্যাহত আছিল সংগীত জগতত। অসমৰ সংগীত জগতৰ এক বিৰল প্ৰতিভা, কণ্ঠশিল্পী প্রয়াত জয়ন্ত হাজৰিকাই অসমীয়া আধুনিক গীতৰ এটি যুগমীয়া ধাৰা সৃষ্টি কৰি থৈ গৈছে।

অসমৰ সমান্তৰাভাৱে বহিঃৰাজ্যতো সমাদৰ লাভ কৰা দৰদী শিল্পী জয়ন্ত হাজৰিকা আছিল ৰক এণ্ড ৰোল, জেজ আৰু ৱেষ্টাৰ্ণ ক্লাছিকেলৰ দৰে পশ্চিমীয়া সংগীতৰ ৰূপ পৰম্পৰাগত অসমীয় সুৰৰ লগত সংমিশ্ৰণ কৰা প্ৰথগৰাকী অসমীয়া। তেওঁৰ ৰচনাত কেইবাটাও পাশ্চাত্য বাদ্যযন্ত্ৰ প্ৰৱৰ্তন দেখা পোৱা যায়। যাৰ জৰিয়তে ৰাণা দাই অসমীয়া সংগীত জগতত তুলিছিল নতুনত্বৰ লহৰ।

কণ্ঠদান, সংগীত পৰিচালনাৰ সমান্তৰালভাবে গীত ৰচনা তথা সুৰ প্ৰদান কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা ৰাণা দাই ১৯৭৭ চনত ‘নাতুন আশা’ বোলছবিৰ সংগীত ৰেকৰ্ড কৰিবলৈ কলিকতালৈ গৈ হঠাতে অসুস্থ হৈ পৰে। অসুস্থতাৰ পিছতে ১৫ অক্টোবৰত ৩৪ বছৰ বয়সত মৃত্যুক আঁকোৱালি যশস্বী শিল্পীগৰাকীয়ে।

media school
Leave A Reply

Your email address will not be published.