কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী শৰ্মাৰঃগান্ধী পৰিয়ালে দেশত সনাতন বিৰোধী পৰিৱেশৰ সৃষ্টি কৰিছে

0 171

ৰাজস্থানত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ বাবে তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলে।

বুধবাৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ উপস্থিত হয় ৰাজস্থানৰ যোধপুৰত। ৰাজস্থানৰ এখন বিশাল জনসভাত অংশ লৈ তেওঁ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক কটাক্ষ কৰে।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী শৰ্মাই ৰাজস্থান চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস কৰাত ব্যৰ্থ হোৱাৰ লগতে মহিলাৰ সুৰক্ষাৰ ওপৰতো প্ৰশ্ন কৰে।

ৰাজস্থান চৰকাৰক কঠোৰভাষাৰে সমালোচনা কৰাৰ লগতে গান্ধী পৰিয়ালে দেশত সনাতন বিৰোধী পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সহযোগী দলসমূহৰ নেতাসকলে সনাতন ধৰ্ম সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যক লৈও হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে গান্ধী পৰিয়ালে দেশত সনাতন বিৰোধী পৰিৱেশৰ সৃষ্টি কৰিছে। মিত্ৰজোঁটৰ নেতাসকলে সনাতন হিন্দু ধৰ্ম নিঃশেষ কৰাৰ কথা কৈ আছে।

media school
Leave A Reply

Your email address will not be published.