মহিলা সংৰক্ষণ বিধেয়ক ৰাজীৱ গান্ধী সপোন আছিলঃছোনিয়া গান্ধী

0 171

মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন জনাইছে ছোনিয়া গান্ধীয়ে। আজি পুৱা লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত আলেচনাৰ আৰম্ভণিতে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে তোওঁৰ দলে এই বিধেয়কখন সমৰ্থন কৰে। কিন্তু ছোনিয়া গান্ধীয়ে মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণত অ’বিচিও অন্তৰ্ভুক্ত হ’ব লাগে বুলি দাবী কৰে।

ইয়াৰ উপৰিও কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মহিলা সংৰক্ষণ বিধেয়কৰ সন্দৰ্ভত কয় যে, এয়া মোৰ বাবে আৱেগৰ মুহূৰ্ত কিয়নো ৰাজীৱ গান্ধীৰ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সপোন আছিল । এই বিধেয়কখন গৃহীত হ’লে বাস্তৱায়িত হ’ব ৰাজীৱ গান্ধীৰ সপোন।

ছোনিয়া গান্ধীয়ে সদনত হিন্দী ভাষণ দি উল্লেখ কৰে যে, ৰাষ্ট্ৰীয় কংগ্ৰেছৰ হৈ মই মহিলা শক্তি বন্দন আইনক সমৰ্থন কৰো। লগতে ধোঁৱাময় পাকঘৰৰ পৰা পোহৰৰ ষ্টেডিয়ামলৈ ভাৰতীয় মহিলাৰ যাত্ৰা দীঘলীয়া আৰু এই যাত্ৰাই এতিয়া গন্তব্যস্থানত উপনীত হৈছে বুলি মন্তব্য কৰে। সমান্তৰালভাৱে তেওঁ স্বাধীনতাৰ যুঁজ আৰু নতুন ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলাসকলে পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজ দিছে বুলি উল্লেখ কৰে।

বিধেয়কখন সমৰ্থন কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণ আৰু বিধেয়কখন তাৎক্ষণিকভাৱে ৰূপায়ণৰ বাবে দাবী জনায়।

media school
Leave A Reply

Your email address will not be published.