সংবিধানৰ পৰা আঁতৰিল সমাজবাদ, ধৰ্মনিৰপেক্ষ শব্দঃ ভয়ংকৰ অভিযোগ কংগ্ৰেছৰ

0 166

শাসকীয় বিজেপিয়ে সংবিধানৰ পৰা আঁতৰালে সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দ। নতুন সংসদ ভৱনত সাংসদসকল প্ৰৱেশৰ পাছতে পোহৰলৈ আহিছে এই কথা।

কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে উত্থাপন কৰিছে এক ভয়ংকৰ অভিযোগ। নতুন সংসদ ভৱন মুকলিৰ সময়ত সাংসদসকলৰ হাতত দিয়া সংবিধানৰ নতুন প্ৰতিলিপিৰ প্ৰস্তাৱনাৰ পৰা আঁতৰালে সমাজবাদ আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা ।

অধীৰ ৰঞ্জন চৌধুৰীয়ে উল্লেখ্য কৰে যে এই দুই শব্দ ১৯৭৬ ত সংবিধান সংশোধনৰ জৰিয়তে প্ৰস্তাৱনাত সংযোজিত কৰা হৈছিল। কিন্তু সং বিধানৰ প্ৰতিলিপিত শব্দ দুটা নথকাটো চিন্তাৰ বিষয় বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

ইয়াৰোপৰি নেতাগৰাকীয়ে উল্লেখ কৰা অনুসৰি, এয়া অতি কৌশলগত ভাৱে কৰা হৈছে। মই এই বিষয়টো উত্থাপনৰ চেষ্টা কৰিছিলো, কিন্তু মই ক’বলৈ সুযোগ নাপালো। তেওঁ আকৌ কয়, ভাৰতীয় সংবিধান আমাৰ কাৰণে গীতা, কুৰান আৰু বাইবেলতকৈ কোনো গুণে কম নহয়।

media school
Leave A Reply

Your email address will not be published.