আজিৰে পৰা আৰম্ভ হ’ব দেশৰ অন্যতম ফুটবল লীগ আই এছ এল

0 214

আজিৰে পৰা আৰম্ভ হ’ব দেশৰ অন্যতম ফুটবল লীগ আই এছ এল প্ৰতিযোগিতা। ইতিমধ্যে দশম সংস্কৰণৰ আই এছ এল মহাৰণৰ বাবে সাজু হৈ উঠিছে প্ৰতিটো দল ।

ইয়াৰ সমান্তৰালকৈ সাজু হৈ উঠিছে উত্তৰ-পূবৰ ঘৰুৱা দল নৰ্থ-ইষ্ট ইউনাইটেড এফ চি। নৰ্থ-ইষ্ট ইউনাইটেডে খিতাপ দখলৰ কৰিবলৈ ২৪ ছেপ্তেম্বৰ দেওবাৰৰ পৰা অভিযান আৰম্ভ কৰিব। এই মেচখন গুৱাহাটীৰ ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্প,সৰুসজাইত অনুষ্ঠিত হ’ব। দলটোৱ ঘৰুৱা খেল পথাৰত খেলিয়েই অভিযান আৰম্ভ কৰিব ।

উক্ত দিনা দলটোৱে মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ’ব। ইফালে ২১ ছেপ্তেম্বৰ বৃহস্পতিবাৰে কোচিত অনুষ্ঠিত হ’ব লগা উদ্ধোধনী খেলত ভাগ ল’ব কেৰালা ব্লাষ্টাৰ্ছ এফ চি বনাম বাংগালুৰু এফ চিয়ে।

media school
Leave A Reply

Your email address will not be published.