এইবাৰ দিল্লীৰ ৰাজপথত কুলীৰ ৰূপত দেখা গ’ল কংগ্ৰেছৰ য়ুৱৰাজক

0 167

ট্ৰাক চালক আৰু কৃষকৰ সৈতে কথা পাতি কংগ্ৰেছৰ যুৱৰাজে জনতাৰ মন জয় কৰাৰ পাছত বৃহস্পতিবাৰে পুৱা দিল্লীৰ আনন্দ বিহাৰৰ আই এছ বি টিত উপস্থিত হৈ কুলীসকলৰ সমস্য়াৰ বুজ লয়।

কংগ্ৰেছৰ য়ুৱৰাজে দিল্লীত উপস্থিত হৈয়ে দেখা গ’ল আন এক ৰূপত। কংগ্ৰেছ সাংসদ গৰাকীয়ে কুলীৰ এটা দলৰ লগত মিলিত হৈ তেওঁলোকে কৰ্মক্ষেত্ৰত কি কি সমস্যাৰ সন্মখীন হৈছে সেই সম্পৰ্কে বহু সময় ধৰি আলোচনা কৰা দেখা যায়। ইয়াৰ পাছতে কুলীৰ বাবে নিৰ্দিষ্ট ৰঙা কাপোৰ পৰিধান কৰি হাতত বেজ বান্ধি লোৱা পৰিলক্ষিত হয় কংগ্ৰেছ য়ুৱৰাজে। কুলীৰ পোছক যোৰ পৰিধান কৰি মূৰত এটা ছুটকেছ এটা কঢ়িয়াই লোৱা ভিডিঅ’ টোয়ে ব্যাপক ভাইৰেল হৈ পৰিছে।

ঠিক এইদৰে কংগ্ৰেছ সাংসদ গৰাকীয়ে জনতাৰ মন জয় কৰিবলৈ এনেদৰে অব্যাহত ৰাখিছে জনসম্পৰ্ক অভিযান।

media school
Leave A Reply

Your email address will not be published.