চৰকাৰী বাহনৰ পাছত এইবাৰ মুকলি আকাশত তলত পেলাই থোৱা হৈছে চাইকেলসমূহ

0 203

চৰকাৰী বাহনৰ পাছত এইবাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ হেমাহিৰ বাবে নৱম শ্ৰেণীৰ ছাত্ৰীলৈ বিতৰণ কৰিব লগা চাইকেলসমূহ নগাঁও জিলাত দীৰ্ঘদিন ধৰি ৰদে-বৰষুণে মুকলি আকাশত তলত পেলাই থোৱা হৈছে।

জানিব পৰা মতে, নগাঁও জিলাত চৰকাৰীকৰণ হোৱা সৰ্বমুঠ ২১৩খন উচ্চ মাধ্যমিক আৰু ৬৩খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰীৰ বিপৰীতে এই চাইকেলসমূহ বিতৰণ কৰিবৰ বাবে ৰখাই থোৱা হৈছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অৰ্থাৎ ২০২২-২৩ বৰ্ষৰ বাবে আবণ্টিত জিলাখনৰ মুঠ ২৭৬ খন শিক্ষানুষ্ঠানৰ প্ৰায় কুৰি সহস্ৰাধিক ছাত্ৰীৰ মাজত এই চাইকেলসমূহ বিতৰণ কৰা হ’ব।

সেই অনুসৰে বিদ্যালয় কৰ্তৃপক্ষই হিতাধিকাৰীৰ তালিকাসমূহ জিলা বিদ্যালয়সমূহৰ সংমণ্ডল পৰিদৰ্শকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে। এই তালিকাসমূহৰ ভিত্তিতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জিলাই জিলাই ঠিকাদাৰী প্ৰতিষ্ঠানৰ জৰিয়তে চাইকেলসমূহ প্ৰেৰণ কৰিছে। কিন্তু নগাঁও জিলাৰ বিদ্যালয় সমূহলৈও নিৰ্দিষ্ট পৰিমাণৰ চাইকেলসমূহ প্ৰেৰণ কৰা হৈছে।

বিগত প্ৰায় এমাহ দিন ধৰি জিলাখনৰ খাগৰিজান শিক্ষা খণ্ডৰ অধীনস্থ বিদ্যালয়সমূহলৈ বিতৰণ কৰিব লগা চাইকেলসমূহ নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় চৌহদৰ মুকলি পথাৰত পেলাই থোৱা দৃশ্যই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

দীৰ্ঘদিন ধৰি ৰদ-বৰষুণত পেলাই থোৱাৰ ফলত ম ফলত প্ৰায় কেইবাখনো চাইকেলত মামৰে ধৰিবলৈ আৰম্ভ কৰিছে।

media school
Leave A Reply

Your email address will not be published.