অৰুণাচলৰ খেলুৱৈক এছিয়ান গেমছত অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰিলে চীন চৰকাৰে

0 180

২৩ ছেপ্টেম্বৰ শনিবাৰৰ পৰা চীনৰ হাংজও প্ৰদেশত অনুষ্ঠিত হ’ব এছিয়ান গেমছ। ৮ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে ভাৰতীয় খেলুৱৈসকল চীনলৈ ৰাওনা হৈছে।

এইবাৰ প্ৰতিযোগিতাখনত ভাগ ল’বলৈ মুঠ ৬৫৫ জন খেলুৱৈ ৰাওনা হৈছে যদিও ইয়াৰে ৩ গৰাকী উশ্বু খেলুৱৈক চীনলৈ উৰা মৰা বিমানত উঠাত বাধা প্ৰদান কৰিলে কৰ্তৃপক্ষই। এই তিনিগৰাকী খেলুৱৈ ক্ৰমে নেইমান ৱাংশ্বু, অনিলু টেগা আৰু মেপুং লামগু।

উল্লেখ্য যে, ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ চীনলৈ যাত্ৰা কৰিব লোৱা এই তিনিওগৰাকী খেলুৱৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ। জানিব পৰা মতে এই তিনিওগৰাকী খেলুৱৈৰ এজনে এক্ৰিডিয়েশ্যন লাভ কৰিছিল যদিও আন দুজন খেলুৱৈয়ে এক্ৰিডিয়েশ্যন লাভৰ বাবে অপেক্ষা কৰি আছিল।কিন্তু এই তিনিওগৰাকী খেলুৱৈক বিমানত উঠাত বাধা প্ৰদান কৰে। ফলত তিনিওগৰাকী খেলুৱৈকে চীনৰ পৰিৱৰ্তে দিল্লীৰ ছাই ষ্টেডিয়ামৰ হোষ্টেললৈ ঘূৰাই অনা হয়।

ইতিমধ্যে চীনত উপস্থিত হোৱা ভাৰতীয় উশ্বু দলটোৰ আন আন সদস্যসকলে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি এই তিনিওগৰাকী ভাৰতীয় খেলুৱৈক চীনত প্ৰৱেশত বাধা দিয়া বিষয়টো সন্দৰ্ভত এছিয়ান গেমছ আয়োজক সমিতি আৰু অলিম্পিক কাউঞ্চিল অফ এছিয়াৰ সন্মুখত উত্থাপন কৰা হৈছে।

চীনে অৰুণাচলক লৈ শেহতীয়াকৈ নানান বিতৰ্কৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ চীনে অৰুণাচলৰ ভূখণ্ডক তেওঁলোকৰ বুলি দাবী কৰি আহিছে। যাৰ পৰিপ্ৰেক্ষিতত অৰুণাচলৰ খেলুৱৈৰ সৈতে এনে আচৰণ অব্যাহত ৰাখিছে।

media school
Leave A Reply

Your email address will not be published.