আজি মুক্তি লাভ কৰিলে ৰীমা দাসৰ আন এখন ছবি ‘তৰা’জ হাজবেণ্ড’

0 189

আজি মুক্তি লাভ কৰিলে ৰীমা দাসৰ আন এখন ছবি ‘তৰা’জ হাজবেণ্ড। ৩৭টা ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ এই ছবিখন। এতিয়ালৈকে ‘তৰা’জ হাজবেণ্ড’ ২৫খন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে।ইয়াৰ পূৰ্বে ৰীমা দাসৰ ভিলেজ ৰকষ্টা’ তথা ‘বুলবুল কেন ছিং’ৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ হৃদয়ত সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুল সমাদৰ লাভ কৰিছে তৰা’জ হাজবেণ্ডে।ক’ভিডৰ বিভীষিকা পৰিস্থিতিক লৈ নিৰ্মিত এই ছবিখন এহাল স্বামী-স্ত্ৰী সংসাৰ কাহিনী দেখুওৱা হৈছে।ছয়গাঁৱৰ গ্ৰাম্য ভাষাতে ‘তৰা’জ হাজবেণ্ড’ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছে।
এই ছবিখনৰ পৰিচালনাৰ লগতে কাহিনী, চিত্ৰনাট্য, চিত্ৰগ্ৰহণ, প্ৰডাকচন ডিজাইন তথা সম্পাদনা ৰীমা দাসে নিজে কৰিছে।

এই ছবিখনত অভিনয় কৰিছে অভিজিৎ দাস, তৰালি কলিতা দাস, ভূমান ভার্গব দাস, পূর্বাঞ্চলী দাস, সীমন্ত মালাকাৰ, নীলিমা দাস আদিয়ে ।

অভিজিৎ দাস, তৰালি কলিতা দাস, ভূমান ভার্গব দাস, পূর্বাঞ্চলী দাস, সীমন্ত মালাকাৰ, নীলিমা দাস আদিয়ে ছবিখনত অভিনয় কৰিছে ।

media school
Leave A Reply

Your email address will not be published.