ভাৰতৰ হৈ অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰত পৰিণত হ’ল শ্বেফালী বাৰ্মা

0 73

চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেল মেচত ভাৰতৰ শ্বেফালী বাৰ্মাই ৩১টা বলত বিস্ফোৰক অৰ্ধশতকীয় ইনিংছ খেলি কেইবাটাও অভিলেখ গঢ়িলে।
শ্বেফালীয়ে ৪টা চাৰি আৰু ৫টা ছয়েৰে ৪৫টা বলত ৬৭ ৰানৰ ইনিংছ খেলে। ইয়াৰ লগে লগে এছিয়ান গেমছত ভাৰতৰ হৈ অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰত পৰিণত হয়।

শ্বেফালীয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০টা ছয় কোবোৱা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হোৱাৰো কৃতিত্ব অৰ্জন কৰে।

উল্লেখ্য যে, বৰ্তমান শ্বেফালী বাৰ্মাৰ বয়স মাত্ৰ ১৯ বছৰ আৰু তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যিধৰণে প্ৰদৰ্শন আগবঢ়াই আছে সেয়া প্ৰশংসাৰ পাত্ৰ।

শ্বেফালীয়ে ক্ৰীজত প্ৰৱেশ কৰিয়েই বিপক্ষৰ বলাৰৰ ওপৰত আক্ৰমণ আৰম্ভ কৰি দিয়ে।বৰষুণৰ বাবে মেচখনৰ ফলাফল নোলাল যদিও ৰেংকিঙৰ শীৰ্ষত থকা বাবে ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে।

media school
Leave A Reply

Your email address will not be published.