২৪ ছেপ্টেম্বৰত বিবাহপাশত আবদ্ধ হ’ব অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমি পাৰ্টীৰ নেতা সাংসদ ৰাঘৱ চাড্ডা

0 201

২৪ ছেপ্টেম্বৰত বিবাহপাশত আবদ্ধ হ’ব বলীউদৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমি পাৰ্টীৰ নেতা তথা সাংসদ ৰাঘৱ চাড্ডা। মাজত আৰু মাত্ৰ দুটা দিন। ইতিমধ্যে সজাই তোলা হৈছে পৰিণীতিৰ মুম্বাইৰ বাসভৱন।

বিগত ১৩ মে’ত নতুন দিল্লীৰ কপুৰথলা হাউছত ৰাঘৱ চাড্ডাৰ সৈতে বিগদান সম্পন্ন হৈছিল পৰিণীতিৰ। ২৪ ছেপ্টেম্বৰত ৰাজস্থানৰ উদয়পুৰত বিলাসবহুল লীলা বেলেচত বিবাহপাশত আবদ্ধ হ’ব দুয়ো।

২৩ ছেপ্টেম্বৰত ‘ৱেলকাম লাঞ্চ’ৰ জৰিয়তে দুপৰীয়াৰ পৰা আৰম্ভ হ’ব বিয়াৰ অনুষ্ঠান। তাৰ পিছত থাকিব নব্বৈৰ দশকৰ আৰ্হিত এক থীম পাৰ্টী। সেই দিনাই হ’ব পৰিণীতিৰ ‘চূড়া চেৰিমনি’।

উল্লেখনীয় যে, দেশৰ চাৰিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো অতিথি হিচাপে উপস্থিত থাকিব। সূত্ৰৰ খবৰ, ২৩ ছেপ্টেম্বৰত ভগ্নীৰ বিয়া উপলক্ষে ভাৰতলৈ আহিব প্ৰিয়ংকা চোপ্ৰা। লগতে কন্যা মালতী মেৰী চোপ্ৰা জোনাছ। এতিয়া যেন অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমি পাৰ্টীৰ নেতা ৰাঘৱ চাড্ডাৰ বিয়াক লৈ জল্পনা–কল্পনা চলিছে।

media school
Leave A Reply

Your email address will not be published.