চীনৰ হাংঝাউত ১৯ সংখ্যক এছিয়ান গেমছৰ বিশাল আয়োজন, অসমৰ এই ৭ জন খেলুৱৈয়ে কৰিব অংশগ্ৰহণ
চীনৰ হাংঝু চহৰত আৰম্ভ হ’ল ১৯ সংখ্যক এছিয়ান গেমচ। অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে উদ্বোধনী অনুষ্ঠানত চমক দেখুৱালে চীনে। কোনোধৰণৰ আতচবাজি অবিহনেই ইতিহাসত প্ৰথমবাৰৰ বাবে সম্পন্ন হ’ল এচিয়াডৰ উদ্বোধনী অনুষ্ঠান। হাংঝুত আতচবাজিৰ ঠাই ল’লে থ্ৰি ডি লাইটিঙে। সোণত সুৱগা চৰালে Artificial Inteligence ৰ চমকপ্ৰদ ব্যৱহাৰে। মুঠৰ ওপৰত হাংঝু অলিম্পিক স্পোৰ্টচ চেণ্টাৰ ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠানে ৰচিলে ইতিহাস।কাৰ্বন নিঃসৰণ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ মহামন্ত্ৰৰ সাৰথি কৰি এচিয়াডৰ উদ্বোধনী অনুষ্ঠানত পৰিৱেশ প্ৰদূষণ বিষয়ত নতুন বাৰ্তা দিলে চীন দেশে। ২৩ ছেপ্তেম্বৰৰ উদ্বোধনী অনুষ্ঠানৰ মাৰ্চ পাষ্টত হাতত জাতীয় পতাকা লৈ ভাৰতক নেতৃত্ব দিলে অসম কন্যা লাভলিনা বৰগোঁহাইৰ লগতে হকী দলৰ অধিনায়ক হৰমনপ্ৰীত সিঙে। ভাৰতীয় ক্ৰীড়াবিদৰ পিন্ধনত আছিল খাকী ৰঙৰ পোচাক। মহিলাৰ শাড়ী আৰু পুৰুষে পিন্ধিলে চেলোৱাৰ চ্যুট।
৮০ হাজাৰ দৰ্শকে একেলগে উপভোগ কৰিব পাৰিব অনুষ্ঠান।এইবাৰ প্ৰতিযোগিতাখনত ক্ৰিকেটকে ধৰি বহু নতুন ইভেন্ট অন্তৰ্ভুক্ত কৰা হৈছে। ইতিমধ্যে, ক্ৰিকেট, ভলীবল, বীচ্চ ভলীবল, ফুটবলকে ধৰি বিভিন্ন খেল আৰম্ভ হৈছে। চীনৰ ৫৬ টা স্থানত এছিয়াৰ অসংখ্য তাৰকা খেলুৱৈয়ে ৪৮১ টা স্বৰ্ণ পদকৰ বাবে যুঁজত নামিব।প্ৰতিযোগিতাখনত ভাৰতৰ ৬৫৫ গৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। ভাৰতীয় খেলুৱৈসকলে ৬১ বিধ খেলৰ ৪১ বিধ খেলত অংশগ্ৰহণ কৰিব
উল্লেখযোগ্য যে, অসমৰ ৭ গৰাকী খেলুৱৈয়ে দেশৰ হৈ প্ৰতিনিধিত্ব কৰিব।বক্সাৰ শিৱ থাপ লাভলীনা বৰগোহাঁইয়ে অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত।এইবাৰ এছিয়ান গেমছত নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে ক্ৰিকেট। মহিলা ক্ৰিকেটাৰ অসমৰ উমা চেত্ৰীয়ে ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰিব।বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহাই অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাত।সাঁতোৰবিদ শিৱাংগী শৰ্মায়ো অংশ ল’ব এছিয়ান গেমছত।চেপাক টাক্ৰ’ দলৰ হৈ খেলিব শিলচৰৰ প্ৰিয়া দেৱীয়ে।এছিয়ান গেমছৰ ২০০ মিটাৰ দৌৰত অংশ ল’ব এথলিট অম্লান বৰগোহাঁইয়ে।