প্ৰয়োজন নাই ইন্টাৰনেটৰ, এতিয়াৰ পৰা ফোন কল কৰিয়েই কৰিব পাৰিব UPI পেমেন্ট
আজিকালি ইন্টাৰনেট সেৱাৰ বাবে স্মাৰ্টফোনৰ জৰিয়তে বহু কাম ঘৰতে সহজে কৰিব পৰা যায়। এতিয়া বেংকত গৈ দীঘলীয়া লাইন ধৰিব নালাগে। ইণ্টাৰনেটৰ জৰিয়তে ঘৰতে একাধিক বেংকিং কাম কৰিব পাৰিব। কিন্তু আপোনাৰ যদি ইণ্টাৰনেট শেষ হৈছে বা আপোনাৰ এটা সাধাৰণ ফোন আছে, তেতিয়া কি কৰিব?
এতিয়াৰ পৰা ইণ্টাৰনেট নাথাকিলেও UPI ৰ জৰিয়তে ধন ট্ৰেন্সফাৰ কৰিব পাৰিব।বৰ্তমান ব্যক্তিগত বেংক HDFCয়ে UPIৰ সৈতে জড়িত ৩টা ডিজিটেল সামগ্ৰী মুকলি কৰিছে। এইবোৰ হ’ল UPI 123 Pay, IBRৰ জৰিয়তে পেমেণ্ট, মাৰ্চেণ্ট লেনদেনৰ বাবে UPI Plug-In Service আৰু UPI AutoPay on QR Code।
UPI 123Pay ইয়াৰ জৰিয়তে যিকোনো ব্যক্তিয়ে ফোন কল কৰি সহজেই UPI পেমেণ্ট কৰিব পাৰে ইণ্টাৰনেট বা স্মাৰ্টফোন নাথাকিলেও পেমেণ্ট কৰিব পাৰিব। IVRৰ জৰিয়তে গ্ৰাহকে সহজেই সেৱাৰ বুকিং আৰু ধন পৰিশোধ কৰিব পাৰিব।UPI Plug-In Service UPIৰ জৰিয়তে পেমেণ্ট সহজ কৰি তোলে। বজাৰ কৰাৰ সময়ত বিভিন্ন এপৰ মাজত চুইচ কৰাৰ প্ৰয়োজন নাই।
AutoPay on QR codes আপোনাক UPI QR ক’ড ব্যৱহাৰ কৰি সহজে স্বয়ংক্ৰিয় পেমেণ্ট ছেট আপ কৰক প্ৰতিবাৰেই হাতেৰে ধন পৰিশোধ নকৰাকৈ ষ্ট্ৰীমিং সেৱা, চাবস্ক্ৰিপচন আদিৰ বাবে স্বয়ংক্ৰিয়ভাৱে ধন পৰিশোধ কৰিবলৈ ব্যৱহাৰ কৰিব