Durga Puja 2023 : চৌদিশে দুৰ্গোৎসৱৰ আয়োজন, এইবাৰ কিহত আগমন মা দুৰ্গাৰ, গমন কিহত? জানি লওক সকলো

0 222

চৌদিশে এতিয়া দুৰ্গা পূজাৰ প্ৰস্তুতি।মাজত মাথো এমাহ।পূজাৰ আনন্দত উখল–মাখল হ’ব সমগ্ৰ দেশ।এইবাৰ দুৰ্গা পূজাত মা দুৰ্গাৰ আগমন কিদৰে হ’ব? কিহত আহিব দেৱী দুৰ্গা?

পঞ্জিকা মতে, এইবাৰ দেৱী দুৰ্গাৰ আগমন হ’ব ঘোঁৰাত। পঞ্জিকা মতে যাৰ অৰ্থ হ’ল ‘ছত্ৰভংগ’। আৰু মা দুৰ্গাৰ গমনো হ’ব ঘোঁৰাত।

দুৰ্গা পূজাৰ অষ্টমী : ২২ অক্টোবৰত (৪ কাতি, দেওবাৰ) অষ্টমী। সেইদিনা দুৰ্গা দেৱীৰ মহাষ্টম্যাদী কল্পাৰম্ভ আৰু কেৱল মহাষ্টমীকল্পাৰম্ভ আৰু মহাষ্টমীৰ বিহিত পূজা হ’ব। সেই দিনা হ’ব সন্ধি পূজা। বলিদানো হ’ব।দুৰ্গা পূজাৰ নৱমী : ২৩ অক্টোবৰ (৫ কাতি, সোমবাৰ)ত পৰিছে নৱমী। সেইদনা মহানৱমীকল্পাৰম্ভ মহা নৱমীৰ বিহিত পূজা হ’ব। দেৱীৰ নৱৰাত্ৰিক ব্ৰত সমাপ্ত হ’ব মহা নৱমীত।

KOLKATA , INDIA – SEPTEMBER 27, 2017 : Young Hindu Priest worshipping Goddess Durga under holy smoke with dhaakis (drummers) performing. Durga Puja – shot at night under colored light .

দুৰ্গা পূজাৰ বিজয়া দশমী : ২৪ অক্টোবৰত (৬ কাতি, মঙলবাৰ) বিজয়া দশমী। সেইদিনা দেৱী দুৰ্গাক বিদায় জনোৱা হ’ব। দুৰ্গা দেৱীৰ দশমীৰ বিহিত পূজা সমাপনৰ অন্তত নিৰঞ্জন প্ৰশস্তা। নিৰঞ্জনৰ পিছত অপৰাজিতা পূজা। লগে লগে আৰু এটা বছৰৰ অপেক্ষাৰে ভক্তগণে বিদায় জনাব মা দুৰ্গাক।

Leave A Reply

Your email address will not be published.