ইৰাকৰ অল- হমদানিয়া নামৰ জিলাত সংঘটিত হৈছে এক শোকৱহ ঘটনা

0 144

ইৰাকৰ অল- হমদানিয়া নামৰ জিলাত সংঘটিত হৈছে এক শোকৱহ ঘটনা। এখন বিবাহ অভ্যৰ্থনা অনুষ্ঠানত বিধ্বংসী অগ্নিকাণ্ডত প্ৰাণ গ’ল শতাধিকৰ লোকৰ। বন্ধ হোলত আয়োজন কৰা হৈছিল যথেষ্ট লোকৰ সমৱেশৰে এখন বিবাহৰ অভ্যৰ্থন অনুষ্ঠান।

এই অগ্নিকাণ্ডত প্ৰায় ১১৫ জনতকৈও অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও আহতৰ সংখ্যা হৈছে ডেৰ শতাধিক। ইপিনে মৃতকৰ সংখ্যাৰ ভিতৰত দৰা- কইনাও থকা বুলি প্ৰকাশ পাইছে।

উল্লেখ্য যে বিবাহৰ একাংশ লোকে আতচবাজী জ্বলোৱাৰ ফলত এই আতচবাজীৰ পৰাই জুইৰ সুত্ৰপাত হোৱা বুলি সন্দেহ প্ৰকাশ পাইছে। দেশখনৰ প্ৰধানমন্ত্ৰীয়ে এই ঘটনাৰ উচ্চ পৰ্যায় তদন্ত চলাবলৈ নিৰ্দেশ দিছে।

media school
Leave A Reply

Your email address will not be published.