গুৱাহাটীত বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতি মেচৰ বাবে সাজু বৰ্ষাপাৰা ষ্টেডিয়াম

0 149

বিশ্বকাপৰ বাবে ক্ৰিকেট প্ৰেমিকসকলৰ মাজত ইতিমধ্যে উন্মদনা আৰম্ভ হৈছে। । তাৰ সমান্তৰালকৈ প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্বকাপ চাৰিখনকৈ প্ৰস্তুতি মেচ। আজি পুৱা এদিনীয়া বিশ্বকাপত অংশ গ্ৰহণ কৰাৰ বাবে ভাৰতত উপস্থিত হোৱা শ্ৰীলংকাৰ দলটো গুৱাহাটীত আহি উপস্থিত হয়।

উল্লেখযোগ্য যে, শ্ৰীলংকাৰ অধিনায়ক ডাচুন চনকাৰ নেতৃত্বত অহা দলটোৱে ২৯ ছেপ্টম্বৰত বৰ্ষাপাৰাত বাংলাদেশৰ বিৰুদ্ধে আৰু ৩ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে খেলিব দুখনকৈ ৱাৰ্ম আপ মেচ। ২৮ ছেপ্টম্বৰত দুয়োটা দলে পৃথকে পৃথকে কৰিব অনুশীলন।

ইতিমধ্যে ৩০ ছেপ্টম্বৰত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বাবে ক্ৰিকেট অনুৰাগীসকলৰ মাজত ইচ্ছুকতা দেখা পোৱা গৈছে।

media school
Leave A Reply

Your email address will not be published.