চৰাইদেউ মৈদামে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ল’বলৈ সাজু হৈ উঠিছে

0 185

আজি বিশ্ব পৰ্যটন দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসমতো উদযাপন কৰা হৈছে এই দিৱস। আজি বিশ্ব পৰ্যটন দিৱসৰ দিনাই চৰাইদেউ মৈদামে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি ল’বলৈ সাজু হৈ উঠিছে। বিশ্ব মানচিত্ৰৰ চৰাইদেউক স্থান দিবলৈ দিনে নিশাই কৰ্মত ব্যস্ত হৈ পৰিছে সংশ্লিষ্ট বিভাগ।

বৰ্তমান সময়ত ঐতিহাসিক চৰাইদেউ মৈদামত দেখা গৈছে তৎপৰতা।লগতে আহোম স্বৰ্গদেউসকলৰ সমাধিস্থল ঐতিহাসিক চৰাইদেউ মৈদামত কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ তত্ত্বাৱধানত দিনে – নিশাই বাঢ়িছে শ্ৰমিকসকলৰ ব্যস্ততা। অহা ৭ অক্টোবৰত কাম-কাজসমূহ পৰ্যবেক্ষণ কৰিবলৈ মৈদামস্থলীলৈ আহিব ইউনেস্কো ( UNESCO) ৰ প্ৰতিনিধি দল।

উল্লেখ্য যে, ইউনেস্কো ( UNESCO) ৰ প্ৰতিনিধি দলটোৱে চৰাইদেউ মৈদামৰ কাম- কাজ পৰ্যবেক্ষণ কৰাৰ পাছতহে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বৰূপে স্বীকৃতি প্ৰদান কৰিব ।

media school
Leave A Reply

Your email address will not be published.