ছেবাই ঘোষণা কৰিলে মেট্ৰিক পৰীক্ষাৰ প্ৰ- পত্ৰ পূৰণৰ তাৰিখ

0 338

২০২৪ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এক ডাঙৰ খবৰ। ছেবাৰ তৰফৰ পৰা জাৰি কৰা হৈছে জৰুৰী নিৰ্দেশনা। ফ্ৰেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয় মেট্ৰিক পৰীক্ষাৰ প্ৰ- পত্ৰ পূৰণ কৰাৰ তাৰিখ ঘোষণা কৰিলে ছেবাই।

৯ অক্টোবৰৰ পৰা শিক্ষাৰ্থীসকলে অনলাইনযোগে কৰিব লাগিব প্ৰ-পত্ৰ পূৰণ। প্ৰ-পত্ৰ পূৰণ কৰি চালানযোগে পৰিশোধ কৰিব লাগিব মাচুল লগতে ৩১ অক্টোবৰৰ ভিতৰতে পূৰব লাগিব প্ৰ- পত্ৰ।

ইয়াৰ উপৰিও এগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাৰ মাচুল হিচাপে দিব লাগিব ৭০০ টকা। লগতে যিসকলৰ ব্যৱহাৰিক পৰীক্ষা আছে তেওঁলোকে দিব লাগিব অতিৰিক্ত ১৫০ টকা।সকলো শিক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰৰ মাচুল হিচাপে দিব লাগিব ৩৫০ টকা।

আনহাতে Annual Recognition fee হিচাপে একোখন বিদ্যালয়ে আদায় দিব লাগিব ১০০০ টকা।

media school
Leave A Reply

Your email address will not be published.