পুনৰ অগ্নিগৰ্ভা মণিপুৰত কৰ্তন কৰা হ’ল ইণ্টাৰনেট সেৱা

0 164

এতিয়াও শাম কটা নাই অগ্নিগৰ্ভা মণিপুৰ। মণিপুৰত প্ৰায় ৪ মাহৰ পাছত মুকলি কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা। কিন্তু ইণ্টাৰনেট সেৱা মুকলি হোৱা লগে লগে ভাইৰেল হোৱা বহু দৃশ্যই পুনৰ উত্তপ্ত কৰি তুলিছে ৰাজ্যখনক। যাৰ বাবে পুনৰ মণিপুৰৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰা নিৰ্দেশনা জাৰি কৰে ৰাজ্যপালে।

উল্লেখ্য যে ৩ মে’ৰ পৰা ৰাজ্যখনত মেইটেই আৰু কুকিৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষৰ পাছতে বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা। ২৩ ছেপ্টম্বৰত পুনৰ ইণ্টাৰনেট সেৱা মুকলি কৰি দিয়া হৈছিল। ইণ্টাৰনেট সেৱা মুকলি হোৱাৰ পাছতে ৰাজ্যখনৰ দুই গোষ্ঠীৰ মাজত বিয়পি পৰে বিগত ৪ মাহৰ ধৰি সংঘটিত হোৱা বহু হিংসাত্মক দৃশ্য।

ইয়াৰ মাজতে জুলাই মাহতে নিখোঁজ হোৱা দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ফটোও বিয়পি পৰে সামাজিক মাধ্যমত। দীৰ্ঘদিন ধৰি দুই শিক্ষাৰ্থী সন্ধানহীন হৈ থকাৰ পাছত ইণ্টাৰনেট সেৱা পুনৰুদ্ধাৰ হোৱাত দুয়োৰে মৃতদেহৰ ছবি পোহৰলৈ অহাৰ পাছতে শিক্ষাৰ্থী দুজনৰ মৃত্যুৰ তদন্ত বিচাৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

শিক্ষাৰ্থী দুজনৰ মৃত্যুৰ উচিত তদন্ত কৰিবলৈ আজি মণিপুৰত উপস্থিত হ’ব CBI ৰ এটা দল।

media school
Leave A Reply

Your email address will not be published.