এছিয়ান গেমছ ২০২৩ ত আজি ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই

0 180

এছিয়ান গেমছত আজি অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁইৰ মেচ আছে। তেওঁ মহিলাৰ ৭৫ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। দিনৰ ১২ বাজি ১৫ মিনিটৰ পৰা আৰম্ভ হ’ব লগা মেচত লাভলিনাই কোৰিয়াৰ ছুয়েঅন ছেয়ঙৰ বিৰুদ্ধে ৰিঙত নামিব। অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাই চানুৱেও মহিলাৰ ৪৯ কিলোগ্ৰাম ভাৰোত্তোলনত খেলপথাৰত প্ৰৱেশ কৰিব। টেনিছ মিক্সড ডাবলছ ফাইনেলত ৰোহন বোপান্না আৰু ৰুতুজা ভোচালে চীনা টাইপেইৰ লিয়াং এন-চুও আৰু হুয়াং চুং-হাওৰ মুখামুখি হয়।

ভাৰতে এতিয়ালৈকে এছিয়ান গেমছ ২০২৩ ত ৮ টা স্বৰ্ণ পদক, ১৩টা ৰূপৰ পদক আৰু ১৩টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰিও আজি ভাৰতে দুটা ডাঙৰ প্ৰতিযোগিতাত পাকিস্তানৰ মুখামুখি হ’ব। দুয়ো দেশৰ পুৰুষৰ স্কোয়াছ দলে ফাইনেলত স্বৰ্ণ পদকদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। আনহাতে দুয়োটা দেশৰ পুৰুয হকী দলে ইজনে সিজনক পৰাস্ত কৰি ছেমিফাইনেলত নিজৰ স্থান নিশ্চিত কৰিবৰ বাবে খেলিব।

media school
Leave A Reply

Your email address will not be published.