১ অক্টোবৰৰ পৰা অচল হ’ব ২০০০ টকীয়া নোটৰ

0 82

১ অক্টোবৰৰ পৰা দেশত বন্ধ হ’ব ২০০০ টকীয়া নোটৰ প্ৰচলন। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বেংকসমূহক তেওঁলোকৰ গ্ৰাহকক ২০০০ টকীয়া নোট নিদিবলৈ পৰামৰ্শ আগবঢ়াইছে। ১৯ মে’ত ক্লীন নোট পলিচীৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। সেই অনুসৰে আজি ২,০০০ টকীয়া নোট সলনি কৰাৰ অন্তিমটো দিন। কাইলৈৰ পৰা ২,০০০ টকীয়া সলনি কৰিব নোৱাৰিব আপুনি।

ইতিমধ্যে ৯৩ শতাংশ ২,০০০ টকীয়া নোটবোৰ ঘূৰি আহিছে বেংকলৈ। অৱশিষ্ট ৭ শতাংশ ২,০০০ টকীয়া নোটৰ বাবে শীঘ্ৰেই গাইডলাইন দিয়াৰ সম্ভৱনা আছে।

উল্লেখ্য যে, ২০১৬ চনৰ বিমুদ্ৰাকৰণৰ পাছত ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট প্ৰচলন কৰিছিল। বিমুদ্ৰাকৰণৰ লক্ষ্য আছিল নকল নোটৰ প্ৰচলন হ্ৰাস কৰা, ক’লা ধন ঘূৰাই অনা আদি।

media school
Leave A Reply

Your email address will not be published.