এছিয়ান গেমছত ছেমি ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়া

0 199

এছিয়ান গেমছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতীয় ক্ৰিকেট দল। মঙলবাৰে এছিয়ান গেমছৰ ক্ৰিকেট প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত নেপালৰ বিৰুদ্ধে ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোৱে জয় লাভ কৰাৰ পাছতে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, ২৩ ৰাণৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় ক্ৰিকেট দলটোৱে।

কোৱাৰ্টাৰ ফাইনেল খেলখনত ভাৰতীয় বেটছমেন যশস্বী জয়ছোৱালে শতক অৰ্জন কৰিছে। ৪৮ টা বলত শতক অৰ্জন কৰে যশস্বী জয়ছোৱালে। শতকত ৮টা ৪ আৰু ৭টা ৭ কোবাই ভাৰতীয় বেটছমেনজনে লগতে টি-২০ আন্তৰ্জাতিকত প্ৰথমটো শতক অৰ্জন যশস্বী জয়ছোৱালৰ।

উল্লেখ্য যে, ভাৰতীয় বেটছমেনজনে খেলখনৰ আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক শৈলী গ্ৰহণ কৰা দেখা গৈছিল।

media school
Leave A Reply

Your email address will not be published.