পুনৰ ৰঙাঘৰৰ আলহী শ শ অবৈধ স্বামী

0 254

পুনৰ বাল্য বিবাহ আইন ভংগ কৰা স্বামীয়ে পিন্ধিব লাগিব হেণ্ডকাফ।ৰাজ্যৰ বিভিন্ন এলেকাত সোমবাৰে অসম আৰক্ষীয়ে অভিযান চলাই কেইবাজনো বাল্য বিবাহ আইন ভংগ কৰা স্বামীৰ লগতে বাল্য বিবাহৰ লগত জড়িত অভিভাৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

সুত্ৰ অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এইবাৰ ৫০০ ৰো অধিক লোকক আটক কৰিছে অসম আৰক্ষীয়ে। সোমবাৰে নিশা ধুবুৰী জিলাৰ ৮ খন থানাৰ আৰক্ষীয়ে অভিযান চলাই কেৱল ধুবুৰীৰ পৰা ১৯১ জন লোকক আটক কৰিছে। ইয়াৰ উপৰিও এই অভিযান মঙলবাৰে পুৱতি নিশালৈকে চলায় অসম আৰক্ষীয়ে।

উল্লেখ্য যে, প্ৰথম অভিযানত আৰক্ষীয়ে উজনিৰ পৰা নামনিলৈ, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ, গাঁৱে- ভূৱে অলিয়ে গলিয়ে বে- আইন স্বামীৰ বিৰুদ্ধে চলাইছিল বৃহৎ অভিযান।

media school
Leave A Reply

Your email address will not be published.