আজি স্বৰ্ণ জয়ৰ বাবে ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই

0 122

আজি দিনৰ ১.১৫ বজাত স্বৰ্ণ জয়ৰ যুঁজত নামিব অসম কন্যা লাভলীনা বৰগোহাঁই। লাভলীনাৰ সন্মুখত থাকিব চীনৰ প্ৰতিদ্বন্দ্বী লী কুইন। ২০১৬ আৰু ২০২০চনৰ অলিম্পিকত পদক বিজয়ী লী কুইন। পূৰ্বে লী কুইনৰ বিৰুদ্ধে লাভলীনাই ৪-১ৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছিল।

দেশবাসীয়ে আশা কৰিছে যে এছিয়ান গেমছৰ বক্সিঙত লাভলীনাই স্বৰ্ণ লৈ দেশৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিব। ইতিমধ্যে লাভলীনাই ফাইনেলত প্ৰৱেশ কৰি পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে,এছিয়ান গেমছত পদক লাভৰ ক্ষেত্ৰত ভাৰত চতুৰ্থ স্থানত আছে। বৰ্তমানলৈ ভাৰতে ১৫ টা সোণৰ পদকৰ লগতে মুঠ ৬৯ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই পদকৰ তালিকাত এইবাৰ লাভলীনাৰ নামো অন্তৰ্ভুক্ত হোৱাৰ পথ প্ৰশস্ত হৈ উঠিছে।

media school
Leave A Reply

Your email address will not be published.