পৰ্যটকৰ বাবে Greater Kaziranga পৰিকল্পনাৰে সজ্জিত হ’ব কাজিৰঙাৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ

0 132

পৰ্যটকৰ বাবে Greater Kaziranga পৰিকল্পনাৰে সজ্জিত হ’ব কাজিৰঙাৰ ২০২৩-২৪ পৰ্যটন বৰ্ষ ৷ এই কথা সদৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালিকা ডঃ সোণালী ঘোষে ৷

ইয়াৰ উপৰিও সঞ্চালিকাগৰাকীয়ে প্ৰকাশ কৰা মতে আগন্তুক পৰ্যটন বৰ্ষ কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে সীমাবদ্ধ হৈ নাথাকিব। কিয়নো কাজিৰঙাৰ পৰ্যটনৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হ’ব লাওখোৱা বুঢ়াচাপৰিৰ লগতে বিশ্বনাথ ঘাট। লগতে দূৰ্গা পূজাৰ আগত কাজিৰঙাৰ নতুন পৰ্যটন বৰ্ষ আৰম্ভ কৰিব পৰা যাব বুলিও উল্লেখ কৰে সঞ্চালিকা সোণালী ঘোষে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নথকাখিনি নতুন পৰ্যটন থলিত উপভোগ কৰিব পাৰিব পৰ্যটকে। লগতে বিশেষভাৱে দুৰ্লভ প্ৰজাতিৰ একাংশ পক্ষী আৰু হিজল গছৰ দৰে আপুৰুগীয়া গছ-লতিকাৰ প্ৰয়োভৰ উপভোগ কৰিব পাৰিব পৰ্যটকে।লগতে নতুন পৰ্যটন থলিত জীপ ছাফাৰী কৰিব পাৰিব পৰ্যটকে।

media school
Leave A Reply

Your email address will not be published.