অপেক্ষাৰ অন্ত! আজিৰে পৰা আৰম্ভ হ’ব বিশ্বকাপৰ মহাৰণ

0 163

অপেক্ষাৰ অন্তত আজি দিনৰ ২ বজাৰ পৰা আৰম্ভ হ’ব আই চি চি ক্ৰিকেট বিশ্বকাপৰ মহাৰণ। বিশ্বকাপৰ প্ৰথমখন মেচত মুখামুখী হ’ব ইংলেণ্ড আৰু নিউজিলেণ্ড।মহাৰণৰ বাবে সাজু হৈছে দুয়োটা দল।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখনক লৈ ইতিমধ্যে ক্ৰিকেট অনুৰাগীসকল উৎকণ্ঠিত হৈ আছে। ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু ৰাণাৰ্ছ আপ নিউজিলেণ্ডৰ মাজৰ এই মেচখন অতি আকৰ্ষণীয় হৈ পৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, যোৱা মাহত ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত ৪ খন এদিনীয়া মেচ অনুষ্ঠিত হৈছিল। নিউজিলেণ্ডে ইয়াৰে প্ৰথমখন মেচ জয় কৰিবলৈ সক্ষম হৈছিল যদিও বাকী তিনিওখন মেচেই ইংলেণ্ডে জয় কৰিবলৈ সক্ষম হৈছে।

media school
Leave A Reply

Your email address will not be published.