চীৰবৈৰী চীনৰ বুকুত ইতিহাস ৰচিলে ভাৰতে, এছিয়ান গেমছত ১০০ পদক লাভ ভাৰতৰ

0 160

পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এই বৰ্ষত এছিয়ান গেমছত অভিলেখ ৰচিলে ভাৰতে। বৰ্তমানলৈ মুঠ ১০০টা পদক অৰ্জন কৰি ভাৰতৰ পদকৰ তালিকাত স্পৰ্শ কৰিলে শতকৰ ঘৰ।আজি আৰ্চাৰীত লাভ কৰিছে দুটা স্বৰ্ণ, এটা ৰূপ, এটা ব্ৰঞ্জপদক। এই পৰ্যন্ত ২৫টা স্বৰ্ণ, ৩৫টা ৰূপ, ৪০টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুঠ ৭০টা পদক অৰ্জন কৰাৰ নজিৰ আছে এছিয়ান গেমছত। পূৰ্বৰ সেই অভিলেখ ভংগ কৰি ভাৰতে এই বৰ্ষত শতকটা পদক অৰ্জন কৰাৰ সমান্তৰালভাৱে আন বহুকেইটা প্ৰতিযোগিতাতো পদক অৰ্জন কৰাৰ আশাই দেখা দিছে। এই খবৰে নিশ্চিতভাৱে উৎফুল্লিত কৰিছে দেশৰ ক্ৰীড়াপ্ৰেমীক।

media school
Leave A Reply

Your email address will not be published.