ছিকিমৰ প্ৰাকৃতিক দুৰ্যোগত আৱদ্ধ অসমৰ কণ্ঠশিল্পী শ্ৰুতি গোস্বামী
ছিকিমত আৱদ্ধ অসমৰ কণ্ঠশিল্পী শ্ৰুতি গোস্বামী। শুকুৰবাৰৰ পৰা পৰিয়ালৰ সৈতে কোনোধৰণৰ যোগাযোগ হোৱা নাই কণ্ঠশিল্পী শ্ৰুতি গোস্বামীৰ। ইতিমধ্যে পৰিয়ালৰ লোকে জনোৱা অনুসৰি শুকুৰবাৰে বিয়লি পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল শ্ৰুতিৰ। তাৰ পিছৰে পৰা কোনোধৰণৰ যোগাযোগ হোৱা নাই বুলি পৰিয়ালে লোকে জানিব দিয়ে।
অসমৰ কণ্ঠশিল্পী গৰাকী ছিকিমৰ মণিপাল ইনষ্টিটিউট অব টেকন’লজী (মাজিটাৰ) ত অধ্যয়ন কৰি আছিল। ছিকিমৰ ভয়ংকৰ দুৰ্যোগত আৱদ্ধ হৈ আছে অসমৰ বহুলোক আৰু শিক্ষাৰ্থী।
অসমৰ কণ্ঠশিল্পী শ্ৰুতি গোস্বামী ‘ The Voice India Kids’ ৰ দ্বিতীয় ৰানাৰ আপ আছিল।প্ৰায় বহুলোক ছিকিমত আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। সেয়েহে অসমৰ লোকসকল শীঘ্ৰে উদ্ধাৰৰ আশ্বাস ৰাজ্য চৰকাৰৰ।