বিশ্বৰ পৰ্যটন মানচিত্ৰত জিলিকি উঠিব চৰাইদেউ মৈদাম

0 159

সীমাহীন প্ৰতীক্ষৰ অন্তত বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে স্বীকৃতি পোৱাৰ দিশত চৰাইদেউ মৈদাম। আজি চৰাইদেউত উপস্থিত হ’ব ইউনেস্কৰ প্ৰতিনিধিৰ দল, দলটোত আছে বিশেষজ্ঞ লিম চিং চিয়াঙ ৷বিয়লি প্ৰায় ৩.৩০ বজাত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হ’ব দলটো।

এই খবৰে ৰাজ্যবাসীৰ লগতে চৰাইদেউবাসীৰ মাজত এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে ৷ইতিমধ্যে ইউনেস্কৰ বিশেষজ্ঞগৰাকী আগমনলৈ আৰক্ষীয়ে নিৰাপত্তা দিশটো কটকটীয়া কৰিছে।

৯ অক্টোবৰৰ বিয়লি পৰ্যন্ত বিশেষজ্ঞগৰাকীয়ে মৈদাম এলেকাৰ বিভিন্ন তথ্য, সমল সংগ্ৰহ কৰিব ৷ আৰু এই তথ্যৰ ভিত্তিতেই প্ৰতিবেদন দাখিল কৰিব দলটোৱে। প্ৰতিবেদনৰ প্ৰতি লক্ষ ৰাখি আহা বছৰ মাজ ভাগত চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহায ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব কৰ্তৃপক্ষই।

Leave A Reply

Your email address will not be published.