শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দিশে ১ লাখ চৰকাৰী নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি

0 236

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন অসম চৰকাৰে ১ লাখ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণকৰাৰ দিশে পুনৰ এখোজ আগবাঢ়িছে। আজি গুৱাহাটীত ৰাজ্য চৰকাৰৰ এক নিযুক্তি সমাৰোহ অনুষ্ঠিত হয়।য’ত শিক্ষা বিভাগৰ বিভিন্ন সঞ্চলকালয়ৰ অধীনত ৩১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব।

গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত এই নিযুক্তি অনুষ্ঠানত মুখ্য অতিথিৰূপে ৰণোজ পেগুৱে অংশগ্ৰহণ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব।

ইয়াৰ উপৰিও আজি অসম আৰক্ষীত নিযুক্তিৰ বাবে ৫,৫৬৩ টা পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। লগতে অক্টোবৰত আন আন বিভাগৰ প্ৰায় ১৫,০০০ পদৰ বিজ্ঞাপন প্ৰকাশ পাব।

media school
Leave A Reply

Your email address will not be published.