অৱশেষত ঘোষণা হ’ল ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন

0 181

আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন। ভাৰতীয় নিৰ্বাচন আয়োগে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সময়সূচী ঘোষণা কৰে। মধ্য প্ৰদেশ, ৰাজস্থান, মিজোৰাম, চট্টীশগড় আৰু তেলেংগনাত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচন লোকসভা নিৰ্বাচনৰ চেমি ফাইনেল বুলি কব পাৰি।

নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি ৫ খন ৰাজ্যত ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব নিৰ্বাচন। মিজোৰামত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৭ নৱেম্বৰত, ৰাজস্থানত ২৩ নৱেম্বৰ, তেলেংগনা ৩০ নৱেম্বৰ, মধ্যপ্ৰদেশত ১৭ নৱেম্বৰ আৰু চট্টীশগড়ত দুটা পৰ্যায়ক ৭ আৰু ১৭ নৱেম্বৰত এই নিৰ্বাচন অনুষ্ঠিত হ’ব। আটাইকেইখন ৰাজ্যৰ ভোটগণনা হ’ব ৩ ডিচেম্বৰত।

ৰাজস্থানত ২০০খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে চট্টীশগড়ত ৯০ খন আসন, তেলেংগনাত ১১৯ খন আসন, মিজোৰামত ৪০ খন আসন আৰু মধ্যপ্ৰদেশত ২৩০ খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। অৰ্থাৎ মুঠ ৬৭৯ খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, মুখ্য নিৰ্বাচন আয়ুক্তৰ মতে, এই পাঁচখন ৰাজ্যত মুঠ ১৬ কোটি ভোটাৰ আছে। ইয়াৰ ভিতৰত ৮.৫২ কোটি পুৰুষ আৰু ৭.৮ কোটি মহিলা ভোটাৰ। ইয়াৰ উপৰিও ৬০.২ লাখ নতুন ভোটাৰে প্ৰথমবাৰৰ বাবে কৰিব ভোটদান।

media school
Leave A Reply

Your email address will not be published.