ক্ৰিকেট বিশ্ব মহাৰণত আজি নিউজিলেণ্ড বনাম নেডাৰলেণ্ড

0 147

দেওবাৰে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা খেলখনত বিৰাট কোহলী আৰু কে এল ৰাহুলৰ দৰ্শনীয় ইংনিছে ভাৰতৰ বিশ্ব কাপ ২০২৩ৰ প্ৰথমখন খেলতে জয়ৰ সোৱাদ দিয়ে। দ্বিতীয় ইনিংছত ভাৰতে ২ ৰাণত ৩টাকৈ উইকেট হেৰুৱাৰ পিছত খেল আগুৱাই নিয়ে কোহলী আৰু ৰাহুলে। শেষত বিৰাট কোহলীৰ বেটৰ পৰা অহা ৮৫ ৰাণ আৰু কে এল ৰ অপৰাজেয় ৯৭ ৰাণে ভাৰতক বিজয়ী কৰে।

সোমবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলা হ’ব আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ৰ ষষ্ঠখন মেচ। বিশ্বকাপৰ প্ৰথমখন যাত্ৰা জয়েৰে আৰম্ভ কৰা নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব নেদাৰলেণ্ডৰ দল।

আজি হায়দৰাবাদত বিয়লি ২:০০ বজাৰ পৰা মেচ আৰম্ভ হ’ব আৰু ১:৩০ বজাৰ ভিতৰত মেচখনৰ টছ সম্পূৰ্ণ হ’ব। নিউজিলেণ্ড দলৰ নেতৃত্বত থাকিব কেন উইলিয়ামছনে আৰু নেদাৰলেণ্ড দলৰ নেতৃত্বত থাকিব স্কট এডৱাৰ্ডছ।

media school
Leave A Reply

Your email address will not be published.