প্ৰাণনাশৰ ভাবুকি! অভিনেতা শ্বাহৰুখ খানলৈ Y+ নিৰাপত্তা

0 135

বলীউডৰ তাৰকা শ্বাহৰুখ খান বৰ্তমান বক্স অফিচৰ কিং ৰূপে পৰিগণিত হৈছে। কিং খানৰ বেক টু বেক দুখন ছবি পাঠান আৰু জৱানে বক্স অফিচত উপাৰ্জনৰ সকলো অভিলেখ ইতিমধ্যে ভংগ কৰিছে।

কিন্তু এই সফলতাৰ পাছতে অভিনেতাগৰাকীলৈ আহিছিল মৃত্যুৰ ভাবুকি । এনে ভাবুকিৰ পাছতে কিং খানৰ সুৰক্ষাৰ কথা বিবেচনা কৰি মুম্বাই আৰক্ষীয়ে Y+ নিৰাপত্তা প্ৰদান কৰে।

উল্লেখ্য যে, মুম্বাই আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি শ্বাহৰুখ খানে ৰাজ্য চৰকাৰক লিখিত অভিযোগ দিছিল যে ‘পাঠান’ আৰু ‘জৱান ছবিৰ পাছতে তেখেতক ফোনযোগে হত্যাৰ ভাবুকি দিয়া হৈছে।তাৰ পাছতে মহাৰাষ্ট্ৰ চৰকাৰে অভিনেতা গৰাকীলৈ নিৰাপত্তা Y+ লৈ বৃদ্ধি কৰা হয়।

মুম্বাই আৰক্ষীয়ে অভিনেতাগৰাকীলৈ প্ৰদান কৰা Y+ ছিকিউৰিটিত ২৪ ঘন্টা কিং খানৰ লগত থাকিব ৬ জন ব্যক্তিগত নিৰাপত্তা বিষয়া আৰু ৫ টা অস্ত্ৰ।

media school
Leave A Reply

Your email address will not be published.