অন্ত পৰিব ৬০ বছৰীয়া পৰম্পৰাৰ !এয়াৰ ইণ্ডিয়াই শীঘ্ৰেই সলনি কৰিব কেবিন ক্ৰুৰ ৰূপ

0 766

ডিজিটেল ডেস্ক: আধুনিকীকৰণ কৰা হ’ব এয়াৰ ইণ্ডিয়াক। শাৰী সজ্জিত ৬০বছৰীয়া পৰম্পৰাক একাষৰীয়া কৰি এয়াৰ ইণ্ডিয়াই শীঘ্ৰেই সলনি কৰিব এয়াৰ হোষ্টছ অৰ্থাৎ কেবিন ক্ৰুৰ ৰূপ। হয়, সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ ইউনিফৰ্ম। বলীউডৰ চেলিব্ৰেটী ডিজাইনাৰ মনীষ মলহোত্ৰাই প্ৰস্তুত কৰিব এয়াৰ ইণ্ডিয়াৰ এয়াৰ হোষ্টেছৰ নতুন ইউনিফৰ্ম।

শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াই তেওঁলোকৰ মহিলা কেবিন ক্ৰু সকলৰ বাবে ইউনিফৰ্ম সলনি কৰাৰ কথা বিবেচনা কৰিছে ।কেবিন ক্ৰুসকলে হেনো ছয় দশক ধৰি শাৰী পিন্ধি ভাগৰি পৰিছে। যাৰ বাবে কতৃপক্ষই এই বিষয়টো সন্দৰ্ভত গুৰুত্ব দিছে।চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত সাজু হ’ব এইসমূহ নতুন ইউনিফৰ্ম।

নতুন পোছাক হিচাপে মহিলা কেবিন ক্ৰুসকলে চুৰিদাৰ আৰু পুৰুষসকলে চুট পিন্ধিব। প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাই এই নতুন ইউনিফৰ্মবোৰ ডিজাইন কৰিব বুলি জনা গৈছে যদিও ডিজাইনাৰজনে বৰ্তমানেও এই বিষয়ে স্পষ্ট কৰা নাই।

নতুন ইউনিফৰ্মৰ ৰং হ’ব কাঢ়া ৰঙা, বেঙুনীয়া আৰু সোণালী। এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক কেম্পবেল উইলছনে উল্লেখ কৰে যে, নতুন এয়াৰবাছ এ৩৫০ বিমান অক্টোবৰ বা নৱেম্বৰ মাহত আহি পোৱাৰ পাছতহে এয়াৰলাইনৰ কেতবোৰ বিষয় ৰাজহুৱা কৰা হ’ব।য’ত ইউনিফৰ্মৰ বিষয়টোও অন্তৰ্ভূক্ত থাকিব।

media school
Leave A Reply

Your email address will not be published.